Show/Hide Keyboard Layout

আজলী ছোৱালী

- বিষ্ণুপ্ৰসাদ ৰাভা

আজলী ছোৱালী

নানা ফুল তুলি

আনিলো আঁচল ভৰাই ।

সজাই ফুলেৰে

অতি যতনেৰে

বঢ়ালোঁ বৰণ শৰাই ।

ৰঙিল পখিলী

ৰঙা পাখি মেলি

আদৰি নাচি নাচি যায় ।

ক’লী কুলি জাকে (কুলি কেতেকীয়ে)

বিৰিখে বিৰিখে

উলাহত সুহুৰিয়ায় ।

তোমাকে আদৰি

আনে ঐ সাদৰি

শত ভকতৰে দল

শংখ বাজিছে বৰকাঁহ ধ্বনিছে

উঠিছে উৰুলিৰ ৰোল ।।

Hits: 1809